দূৰ্ঘটনা

“মোৰ মনৰ মৰুভূমিখনত তুমি যেন আছিলা আঘোনৰ ভৰা পথাৰখন, আহিনৰ শেৱালিসৰা পদূলি, পূৰ্ণিমাৰ জোনাকৰ আলিংগন, অমাৱস্যাৰ নিশাও নামঘৰত জ্বলি থকা মিঠাতেলৰ পৱিত্ৰ চাকিগচি…. আৰু শেষত মোৰ উপমাৰ অভাৱ।
গানৰ কলিয়ে মোৰ ওঁঠ চঞ্চল কৰি ৰখাটো এটা স্বত:স্ফূত ঘটনা বুলিয়েই ভাবিছিলো। কিন্তু বুজা নাই কিয় তোমাৰ বিয়োগৰ পিছত সেয়াও কোন সময়ৰ ভাজত নোহোৱা হৈ থাকিল। কেতিয়াবা মোৰ নিজৰ ওপৰতেই বহুত খং উঠে জানা! কিহে পাইছিল মোক সেইদিনা তোমাক শুভেচ্ছা জনাবলৈ শিৱ মন্দিৰৰ আগত ৰৈ থাকিবলৈ! মোৰ অমংগলীয়া মুখখন নেদেখিলে তুমি নিশ্চয় ভালে ভালে গৈ চহৰ পালাহেতেন!
জন্ম পায়েই মাক হেৰুৱালো আৰু নাম পালো ‘অমংগলীয়া’। এনেবোৰ কথা ভাবিলে মোক খং কৰিছিলা তুমি। কিন্তু এয়াই সঁচা অ’ সোণ। সেইদিনা খবৰটো পায়েই তোমাৰ মায়ে কান্দি কান্দি আমাৰ ঘৰলৈ আহিছিল। সুধিছিল মোক এই অমংগলীয়া মুখখন দেখুৱাব যোৱাৰ কাৰণ কি। বেচেৰা দেউতা, বাৰান্দাৰ এচুকত বহি চকুলো টুকিছিল। মই ৰ’ব নোৱাৰিলো সোণ। অপঘাতকেই শেষ আশ্ৰয় বুলি নৈৰ পাৰলৈ দৌৰিছিলো। কিন্তু পিছ মূহুৰ্ততেই তোমাৰ মুখখন মনলৈ আহিল। তোমাৰ স্পন্দনহীন মুখখন শেষবাৰলৈ চোৱাৰ আশাত আকৌ গাৱলৈ দৌৰিলো।
ইমান সাহস নহ’ল অ’ ধুনু। তোমাৰ মুখখন চোৱাৰ সাহস নহ’ল মোৰ। মোৰ অমংগলীয়া মুখখন চাই যোৱাৰ বাবেই যে তোমাৰ মুখখনো তেজত লুতুৰি পুতুৰি হৈ তেনে এটা কুৰূপ লৈ উভতি আহিব মই ভবাই নাছিলোঁ অ’ ধুনু। পাৰা যদি ক্ষমা কৰি দিবা মোক।
নৈৰ পাৰলৈ যোৱা নহ’ল আৰু। আগৰবাৰ উভতি অহাৰ পিছতেই শপত দিছিল দেউতাই। তেতিয়াৰপৰাই এঘৰীয়াও হলো গাৱত; মই কুলক্ষণীয়া হোৱাৰ অপৰাধত আৰু দেউতা মোৰ পিতৃ হোৱাৰ অপৰাধত।
আজি দেউতাৰ তিলনি। যোৱা তিনিদিন ধৰি মোৰ ভগা জেওৰাৰ সিপাৰে গাঁৱৰ ল’ৰা, মুনিহে গতি মন্থৰ কৰি য়ায়। অসংখ্য কিৰিলিয়ে শাৰী পাতে। এই ধিক্ জীৱন জীয়াৰ কিবা অৰ্থ আছে জানো? সেইবাবে ভাবিছো আজি আকৌ নৈৰ পাৰলৈকে যাম। এইবাৰ উভতি নাহিম। দেউতা নাই যেতিয়া যোৱা সাত বছৰৰ আগৰ শপতো নাই বুলি ধৰি লৈছো। উপায়হীন মই। এতিয়া অন্ততঃ শেষ উশাহটোলৈ নিজৰ লজ্জা আৰু সতীত্বক সাবটি ৰাখিব খুজিছো। এই দুখুনী জীয়েৰাক ক্ষমা কৰি দিবা দেউতা।
জীৱনৰ মায়াজৰী ডাল যিমানেই অদৃশ্য সিমানেই শক্তিশালী বুজিছা! ছিঙাটো খুব কঠিন। সেইবাবে নিজেই জাহ যোৱাৰ আগতেই আমাৰ গোপন চিঠিবোৰ উটুৱাই দিম। পৰহিৰপৰা সাচি ৰখা দেউতাৰ চুৰীয়াখনো লগত নিম। আজি পুৱাতেই আৰম্ভ কৰি দিছো মায়া মোহ ছিঙাৰ অভিযান। প্ৰথমতেই পাকঘৰত কেৰাহী, কাহী, বাতি যি আছিল সোপাকে ভাঙিছো। জীৱনত হয়তো আজিৰ দিনটোৱেই মই এইদৰে উদযাপন কৰিছো! তাৰপিছত গৈ বাৰীত নিজেই কৰা লাউ, বেঙেনাৰ খেতি নিজেই উভালি নষ্ট কৰিছো; এজনী পাষাণ মাতৃৰ দৰে, যেন সিহত মোৰ অবৈধ সন্তান। সকলোৱে মই পাগলী হোৱা বুলি ভাবিছিল জানা, ভয় কৰিছিল আজি মোক সকলোৱে। যাত্ৰা নাস্তিক হ’ব বুলি নহয়, শিল দলিয়াম বুলি ভয় কৰিছিল। মোৰ যে ইমান হাঁহি উঠিছিল। এতিয়াহে কান্দিছো, দেউতা আৰু তোমালৈ মনত পৰিল যে। আৰু নিলিখো দিয়া। অলপ পিছত চোন লগেই পাম!!!”

প্ৰিয় গান

তেখেত মোৰ প্ৰিয় গান ,
মাতটো মোৰ প্ৰিয় সুৰ,
সুৰটোৰ প্ৰেমিক মোৰ আত্মা ,
আৰু মই দূৰণিৰ নীৰৱ শ্ৰোতা.. ।

কোনো প্ৰতিবাদ নাই..।।

সেউজীয়া বোৰত এভুমুকি …

সেইদিনা আছিল সিহঁতৰ যুগ্মজীৱনৰ প্ৰথমটি ৰাতিপুৱা। Hall টোৰ এচুকত থকা সৰু টি-টেবুল খনত সিহঁতৰ কথোপকথন আৰম্ভ হৈছিল এইদৰে —

ৰিয়ান : (বাওঁফালে থকা বহল খিৰিকীখনৰ সিপাৰে থকা সেউজীয়া পথাৰ খনলৈ দেখুৱাই) এইখিনি সময়ত পথাৰখন চাবলৈ বৰ ভাল দেখা হয়। সেউজীয়া যে ; সেইবাবেই বোধহয়। তুমিও সেউজীয়া ভাল পোৱা, নহয় জানো?

ৰিতৃষ্ণা: পাও। (টি-পট আৰু কাপ দুটা টেবুল খনত থৈ মূৰটো তুলি ৰিয়ানৰ ফালে চাই মিচিকীয়া হাঁহি এটিৰ সৈতে ৰিতৃষ্ণাই চুটিভাৱেই উত্তৰটো দিলে।)

তাই জানে ৰিয়ানে যে সেউজীয়া বৰ ভাল পায়। সেইবাবেই হয়তো আজি হালধীয়া বুটা বছা পাতল সেউজীয়া ৰঙৰ চাদৰখনহে পিন্ধিছে তাই ; আৰু মেখেলাখনো গুণা সূতাৰ বুটা বছা ডাঠ সেউজীয়া ৰঙৰ মেৰিয়াইছে। এবাৰ তায়ো চাই ললে পথাৰখন। সঁচাই বৰ সুন্দৰ। সেউজীয়া। ইমানবোৰ সেউজীয়া একেলগে, অসংখ্য সেউজীয়া। মাজে মাজে ৰং সলাইছে সেউজীয়া খিনিয়ে। তথাপিও সেউজীয়া হৈয়েই থাকে। কোনোবাখিনি বেছি পাতল আৰু কোনোবাখিনি বেছি ডাঠ। কিছুমান আকৌ তাইৰ মেখেলাখনৰ দৰেই ডাঠ। ৰিয়ানৰ চকুজুৰি যেন ক্ৰমশঃ বিলীন হব ধৰিছে সেউজীয়া খিনিৰ মাজত। তাইৰ দেহত ওলমি থকা সেউজীয়া খিনিয়ে যেন ৰিয়ানৰ দৃষ্টিক চুবই পৰা নাই। তাইৰ পথাৰখন হবলৈ মন গ’ল।
হঠাতে যেন বহুত ব্যস্ত হৈ পৰিল তাই; টি-পট টোৰ পৰা দুয়োৰে বাবে দুকাপ চাহ বাকিলে। একাপ চাহ ৰিয়ানৰ ফালে আগবঢ়াই দি কলে, “হব দিয়া, পথাৰখন পিছত চাবা। আগতে চাহ কাপ খাই লোৱা, ঠাণ্ডাই হব এতিয়া । ”

ৰিয়ান : অহ্ দিয়া।

প্ৰথমঢোক চাহ যেন খুব আগ্ৰহেৰে খালে ৰিয়ানে, ৰিতৃষ্ণাৰ ভাব হল। কিন্তু পিছ মূহুৰ্তত সেই আগ্ৰহ কিছু প্ৰশমিত হোৱা যেন পাই সুধিলে –
ৰিতৃষ্ণা: চাহখিনি ভাল নাপালা নেকি?

ৰিয়ান : পাইছো। ভাল লাগিছে। আচলতে কি জানা? মোৰ মায়ে বনোৱা চাহকাপৰ সোৱাদ মই আজিও পাহৰিব পৰা নায়। তুমি বিয়াৰদিনা গাত লোৱা ৰিহাখনৰ দৰেই ৰং আছিল চাহকাপৰ। তাৰ নম্ৰ জোখৰ মিঠাখিনিৰ বাবেই যেন মই ৰৈ আছিলো প্ৰতিটো গধূলি প্ৰতিটো পুৱা। গাখীৰৰ মাজত ডুবি থাকিও হয়তো মাৰ হাতৰ যাদুৰ বাবে চাহপাত খিনিয়ে হেৰুৱা নাছিল তাৰ নিজস্বতা। (ৰিয়ানৰ বুজোৱাৰ ধৰণ দেখি ৰিতৃষ্ণাৰ তাইৰ দেউতাকলৈ মনত পৰিছিল।) মই নিজে তেনেদৰে চাহ বনাবলৈ বহুবাৰ চেষ্টা কৰিছো; কিন্তু পৰা নাই কেতিয়াও। তুমি চেষ্টা কৰিবাচোন, পাৰিবা তুমি। যিদিনাই পাৰিবা মই ঘোষণা কৰি দিম বাৰু, যে মোৰ পত্নীয়ে মই বহুদিন আগতেই হেৰোৱা চাহকাপৰ সোৱাদ মোক বিচাৰি আনি দিলে। (পিছৰ কথাখিনি কওতে বোধহয় সি কিছু কৌতুক কৰিবৰ যত্ন কৰিছিল আৰু নিজৰ কৌতুকত নিজেই হাঁহিছিল!)
ৰিতৃষ্ণায়ো হাঁহিলে। কিন্তু এটুপি বিষাদে যেন তাইৰ আগৰেপৰাই সুখেৰে জীপাল হৈ থকা কলিজাটোত অনাকাংক্ষিত ভাৰ হৈ পৰি তাৰপৰা কিছু সুখকে বিদায় দিলে।
চাহ কাপ খোৱা শেষ কৰি নিজৰ দেহটোৰ ওপৰত থকা সেউজীয়া আৱৰণ খনৰ ওপৰত এবাৰ চকু ফুৰালে। পিছ মূহুৰ্ততে মূৰ তুলি চাই দেখে ৰিয়ানৰ দৃষ্টিও যেন একেখনি আৱৰণৰ ওপৰত। তাৰ পিছত তাই যি শুনিলে সি যেন তাইৰ ৰঙা কলিজাটো দুগুণ সুখেৰে ভৰাই পেলালে।

ৰিয়ান: আজি মই বহুত সুখী জানা!! তুমি কাষত থকা এই সময়খিনিতহে মই বুজিছো জীৱনৰ প্ৰকৃত মাদকতা কি! সম্পূৰ্ণ অৰ্থত সুখ কি! তোমাক এই সাজত দেখি বুজিছো সৌন্দৰ্য প্ৰকৃততে কি! তোমাৰ শিৰৰ সেন্দুৰ আৰু কপালৰ ৰঙা টিলকে মোক দেখুৱাইছে শৈশৱতে হেৰোৱা মোৰ মাক। আজি তোমাক পথাৰখনৰ সমানেই সুন্দৰ দেখিছো; সৃষ্টিসম্ভৱা! আজি মই সেউজীয়াক নতুনকৈ আৱিষ্কাৰ কৰিছো তোমাৰ দেহত, তোমাৰ সাজত।

ৰিতৃষ্ণাৰ এনে লাগিল যেন তাই বুটা বছা মেখেলা চাদৰ নহয়, বৰঞ্চ অসংখ্য হীৰা মুকুতা খটোৱা কোনো স্বৰ্গীয় পোছাকহে পিন্ধিছে।

ধন্যবাদ 🙏😊